Very glad to see the new enthusiasm & activity in Assam and Assamese Wikipedia. Best wishes to all your efforts!

Can you send an English version of the below mail  to the India Community list <wikimediaindia-l@lists.wikimedia.org> too ?

Regards
Tinu Cherian
Wikimedia India Chapter.

On 2/2/2012 10:54 PM, Bishnu Saikia wrote:
ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অসমীয়া ৱিকি প্ৰকল্পৰ অধীনত অনুষ্ঠিত কৰা দ্বিতীয় অসমীয়া ৱিকিপিডিয়া সন্মিলনৰ মূহুৰ্তসমূহ
(প্ৰথম বাৰ্ষিক তেজপুৰ ৱিকিপিডিয়া সন্মিলন)

স্থান: তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ, অসম, কম্পিউটাৰ বিভাগৰ সন্মিলন কক্ষ
তাং : ১ ফেব্ৰুৱাৰী, ২০১১ সময়: ৰাতিপূৱা ১১.০০ বজা


  1. তেজপুৰ বিশ্ববিদ্যালয়ৰ পূৰ্বপৰিকল্পিত ৱিকিপেডিয়াৰ সন্মিলন তথা কৰ্মশালাখনি নিৰ্দ্ধাৰিত সময়তকৈ আধা ঘণ্টা পলমকৈ অনুষ্ঠিত হয় আৰু উপস্থিত দৰ্শকসকলক আদৰণী জনাই নিৰ্দিষ্ট আসনসমূহত বহিবলৈ দিয়া হয়।
  2. সভাৰ আৰম্ভনীতেই ৱিকিপিডিয়ান তথা সন্মিলনখনৰ আহ্বায়ক শ্ৰী দিপাংকৰ চেতিয়াই সভাৰ উদ্দেশ্য বাখ্যা কৰি সভাৰ আৰম্ভনি কৰে।
  3. দিপাংকৰ চেতিয়াৰ অনুৰোধমৰ্মে কম্পিউটাৰ বিভাগৰ মুৰব্বী মহাশয়ে উপস্থিত ৰাইজক সম্বোধন কৰে আৰু লগতে ৱিকিপিডিয়া সন্মিলনৰ আহ্বায়কসকলৰ প্ৰ্চেষ্ঠাৰ শলাগ লৈ ভৱিষ্যতলৈও এনে ধৰণৰ সন্মিলন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰুপ কৰে।
  4. সভাত উপস্থিত সকলে নিজৰ নিজৰ চিনাকী দিয়ে। ইয়াৰে ভিতৰত অধিকাংশ উপস্থিত লোকেই নবাগত আছিল।
  5. চিজু এলেক্সক জাপি, শৰাই আৰু গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
  6. কম্পিউটাৰ বিভাগৰ মুৰব্বী মহাশয়ক গামোছাৰে সম্বৰ্ধনা জ্ঞাপন ।
  7. উপস্থিত সকলো সদস্যৰ মাজত FAQ booklet বিতৰন কৰা হয়।
  8. দিপাংকৰ চেতিয়াই উপস্থিত ৰাইজক অসমীয়া ৱিকিপিডিয়াৰ লগত চিনাকী কৰাই দিয়ে। ইয়াৰ পিছত ৱিকি প্ৰকল্প সমূহৰ আভাস আৰু লগতে শ্লাইড প্ৰদৰ্শন লগতে বিগত বছৰৰ ৱিকিমিডিয়া সন্মিলনৰ শ্লাইড প্ৰদৰ্শন কৰে।
  9. বিশিষ্ট অতিথি, চিজু এলেক্সে উপস্থিত সকলক উদ্দেশ্য তেখেতৰ চমু বক্তৃতা প্ৰদান কৰে। তেখেতে চমুৱাই ইণ্ডিক ৱিকিসমূহৰ বিষয়ে কোৱাৰ লগতে ভাৰতীয় ৱিকিপিডিয়াবোৰৰ তথ্য সন্নিবিষ্ট এখন প্ৰেছেণ্টেশ্যন পদৰ্শন কৰে।
  10. পৰৱৰ্তী সময়ত সন্মিলনখনৰ এজন আহ্বায়ক তথা ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য শ্ৰী বিষ্ণু শইকীয়াই প্ৰথমে ৱিকিপিডিয়া থকা মূল প্ৰবন্ধৰ প্ৰকাৰসমূহ আৰু পাছত পঢ়ুৱৈৰ দ্বাৰা পূৰ্বলিখিত বিষয়বস্তুৰ সন্ধান আৰু নতুন প্ৰবন্ধ সৃষ্টি কৰাৰ উদাহৰণ আৰু অতি চমুৱাই ইয়াৰ সজ্জা সম্পৰ্কে এটা জনাবলৈ এটা প্ৰবন্ধ প্ৰস্তুত কৰি দেখুৱাই। পাছত উপস্থিত এজনৰ দ্বাৰা লগতে ৱিকিপিডিয়াত এটা নতুন একাউণ্ট কিদৰে খোলা হয় সেই সম্পৰ্কেও আলোকপাত কৰে।
  11. ইয়াৰ পাছত প্ৰশ্ন-উত্তৰ শিতান অনুষ্ঠিত হয়। ইয়াত উপস্থিত দুজনমানে প্ৰবন্ধ লিখন সজ্জা আৰু সাঁচ সম্পৰ্কীয় দুটামান প্ৰশ্নৰ অৱতাৰনা কৰে আৰু যথাযথভাৱে ইয়াৰ উত্তৰ সমূহ দিয়া হয়।
  12. আমন্ত্ৰিত শ্ৰী পল্লৱ প্ৰাণ গোস্বামীয়ে ইউনিক'ডত অসমীয়া লিখাৰ গুৰুত্ব আৰু লগতে থুলমুলকৈ বাৰাহা, অভ্ৰ, ইণ্ডিক ইন্‌পুট আদিৰে অসমীয়া লিপি কিদৰে লিখিব পাৰে, সেই সম্পৰ্কে এটা চমু বক্তৄতা আগবঢ়াই।
  13. আন এজন ৱিকিপিডিয়ান শ্ৰী দ্বিজেন মহন্তই তেখেতৰ কম্পিউটাৰত প্ৰথম অসমীয়া লিখাৰ তথা ৱিকিপিডিয়াত প্ৰথম প্ৰবন্ধ লিখাৰ অভিজ্ঞতাৰ বিষয়ে চমু বক্তৱ্য তুলি ধৰে।
  14. ইয়াৰ পাছত সভাৰ কাৰ্যক্ৰম শেষ হোৱাত দিপাংকৰ চেতিয়াই সভাভংগ ঘোষনা কৰে আৰু উপস্থিতসকলক চাহ মিঠাইৰে আপ্যায়ন কৰিবলৈ অনুৰোধ জনায়।
  15. সভাৰ শেষত পুণৰ কেইগৰাকীমান নবাগত ৱিকিপিডিয়ানৰ আগ্ৰহক্ৰমে সাধাৰণ দৃষ্টিত জটিল যেন লগা কিছুমান বিষয় যেনে সাঁচ, সমল আদিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয়। লগতে অসমীয়া ৱিকিপিডিয়াৰ বৰ্তমানৰ সমস্যাসমূহ আৰু জনপ্ৰিয়তা বৃদ্ধিৰ বাবে ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰা হয়। চিজু এলেক্সে ভৱিষ্যতেও এনে সন্মিলন নিয়মিত ভাৱে অনুষ্ঠিত কৰাৰ আৰু পৰৱৰ্তী সময়ত সাধাৰণ লোকসকলৰ মাজতো এই বিষয়ক সজাগতা শিবিৰ পতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।


_______________________________________________
Wikipedia-AS mailing list
Wikipedia-AS@lists.wikimedia.org
https://lists.wikimedia.org/mailman/listinfo/wikipedia-as


-- 

Regards
Tinu Cherian
Wikimedia India Chapter
http://wiki.wikimedia.in