প্ৰিয় ৱিকিপিডিয়ান,

চতুৰ্থ খন অসমীয়া ৱিকিমিটআপ তথা অসমীয়া ৱিকিপিডিয়াৰ দশম বৰ্ষপুতি হিছাপে হ'বলগীয়া সভাখন জুন মাহত পাতিম বুলি ভাৱি ঠাই এটা ঠিক কৰা হৈছ। গুৱাহাটীৰ ছয় মাইলৰ সপ্তস্বহীদ পথত অৱস্থিত পংকজ নেওগ ডাঙৰীয়াৰ কাৰ্য্যালয়ৰ এটা কোঠা আমাক মিটিংৰ বাবে দিব বুলি কথা দিছে। মিটআপত আলোচ্য বিষয়সমূহ এতিয়াৰ পৰাই ঠিৰাং কৰিলে সজ হয়। সেয়ে আপোনালোকৰ মতামত বিছাৰিছো। লগতে সকলোকে অনুৰোধ জনালো এইবাৰ যেন ৱিকিপিডিয়াৰ লগত জড়িত সকলো ব্যক্তি যেনেতেনে মিটআপত উপস্থিত থাকে। তাৰ বাবে ৰাইজক তাৰিখ এটা ঠিক কৰিবলৈ অনুৰোধ কৰিলো, জুন মাহৰ যিকোনো এটা দেওঁবাৰ যেনে 3 জুন/ 10জুন/ 17 জুন/ 24জুন। লগতে আলোচিত ফটো আৰু প্ৰবন্ধ প্ৰতিযোগিতাৰ পুৰস্কাৰ আৰু ইতিমধ্যে আৰাম্ভ হোৱা ৱিকিপিডিয়া:অসমীয়া ৱিকিপিডিয়াৰ চিডি, সংখ্যা ১.০ প্ৰকল্পৰ চিডি সমূহৰ বিতৰণৰ বাবেও সেই দিনটোকে বাচনি কৰা হওক। সকলোৰে সহায় সহযোগ কামনা কৰিলো।
 
Regards
JyotiPrakash Nath
SSL-Guwahati
+919864917706