পৰহিলৈ ৱিকিমিটআপ আৰু আমাৰ হাতত মাত্ৰ এটা সম্পূৰ্ণ দিন আছে, ইতিমধ্যে প্ৰভাকৰ দা , চিযু এলেক্স ডাঙৰীয়া , গীতাৰ্থ দা আপোনালোক সকলোৱে আহি গুৱাহাটীত বাহৰ পাতিছেহি বাকি আছে বিষ্ণু দা, উদ্দীপ দা আৰু বাবুল দা । যদিও প্ৰথমেই মই কৰ্মশালা এখন পতাৰ কথা কৈছিলো আপোনালোকে মোক সৰুকৈ মিটআপ এখন পতাৰ হে উপদেশ দিছিলে । যি কি নহওক অৱশেষত কিবা এটা হ'লগৈ আৰু হবলগীয়া মিটআপখন এখন কৰ্মশালায়ে হবলৈ গৈ আছে যিহেতু ইতিমধ্যে ভালেকেইগৰাকী মানুহক নিমন্ত্ৰন কৰা হৈছে । লগতে বাতৰি কাকত আৰু ইলেকট্ৰনিক্স মাধ্যমৰ কিছু সাংবাদিককো নিমন্ত্ৰন জনোৱা হৈছে । যি হৈছে সকলো ভালেই হৈছে আৰু হব বুলিও আশা কৰিছো । আৰু কেইজনমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহিব যিয়ে ইউনিক'ডত অসমীয়া লিখাৰ কথা একো নাজানে অসমীয়া ৱিকিপিডিয়া তো দুৰৰে কথা । যোৱা সোমবাৰে তেওঁলোকৰ লগত মই ভালেখিনি সময় হোষ্টেলত বহি কথা পাতিছো আৰু তেওঁলোক এই ক্ষেত্ৰত খুউৱ আগ্ৰহী যেন লাগিল । যোৱা কেইদিনমান ধৰি হোৱা আলোচনাৰ পিছত সকলোখিনি গমি পিতি চাই মই নিৰ্দিষ্ট কাৰ্য্যসূচী খন আপোনালোকলৈ আগবঢ়ালো (আগৰ খনৰ লগত দুটামান কথা যোগ দিলো)----------

১. সভাৰ আৰম্ভনী (আহ্বায়কৰ উপস্থিত ৰাইজক স্বাগতম)
২. চিযু এলেক্সক ৰাইজৰ লগত চিনাকী কৰাই গামোছাৰে সম্বৰ্ধনা । লগে লগে তেখেতে ৱিকিৰ বিষয়ে অলপ কব । (লগতে HOD শ্ৰীমতি কাকতি বাইদেউক ও সম্বৰ্ধনা জনালে ভাল হ'ব যেন লাগে ।)
৩. ৰাইজক অসমীয়া ৱিকিপিডিয়াৰ লগত চিনাকী কৰাই দিয়া । (বিষ্ণু দায়ে বনোৱা শ্লাইড প্ৰদৰ্শন)
৪. ইউনিক'ডত অসমীয়া লিখাৰ বিষয়ে থুলমুলকৈ (বাৰাহা, অভ্ৰ, ইণ্ডিক ইন্‌পুট, আদি)। অসমীয়া ৱিকিৰ লিপ্যন্তৰ কী-ব'ৰ্ডৰ আভাস।
৫. ৱিকিপিডিয়াৰ বিষয়ে, কিয় আৰু কেনেকৈ লিখিব লাগে, নিয়মসমূহ (FAQ booklet বিলাব লাগে)
৬. প্ৰশ্ন-উত্তৰ শিতান (এইখিনেতে মই অভিজ্ঞ সদস্য সকলক কিছুমান technical প্ৰশ্ন সুধিম আপোনালোকে উত্তৰ দিব, লগে লগে নতুন মানুহখিনিয়ে কথা বিলাক গম পাব ।)
৭. অসমীয়া ৱিকিপিডিয়াৰ সমস্যাসমূহ। আন আন ৱিকি প্ৰকল্পৰ আভাস।
৮. নিখুঁত প্ৰবন্ধ কেনেকৈ লিখিব লাগে। নতুন সদস্যৰ বাবে আন প্ৰয়োজনীয় নিয়মাৱলী।
৯. অসমীয়া ৱিকিপিডিয়াৰ প্ৰচলিত নীতিসমূহৰ ওপৰত আলোচনা আৰু প্ৰয়োজনীয় নতুন নীতিৰ প্ৰস্তাৱ।
১০. অসমীয়া ৱিকিপিডিয়াৰ উপ-প্ৰকল্প কিছুমান গঠন (যেনে- পোখালি বিস্তাৰ, জিলাৰ প্ৰবন্ধ লিখাৰ প্ৰকল্প আদি)। জনপ্ৰিয়তা বৃদ্ধিৰ বাবে ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আলোচনা।
১১. চাহ-চিঙৰাৰ ওপৰত আক্ৰমণ।
 
Regards
JyotiPrakash Nath
SSL-Guwahati
+919864917706